আধৰুৱা প্ৰেম

আজি হেনো তাইক চাবলৈ কোনোবা ধনী ঘৰৰ একমাত্র ল’ৰা আহিব!
নাহিবই বা কিয় মই তাইক কথা দিয়াৰ নিচিনাকৈ তাইৰ সপোনবোৰক সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, তাইক মোৰ কৰিবলৈ এটা চাকৰিয়ে আজিলৈ যোগাৰ কৰিব নোৱাৰিলোঁ। লৰাজনে যদি তাইক পছন্দ কৰে তাই সোনকালেই বিয়া হৈ যাব।
ধেই মই নো এইবোৰ কি ভাবিছোঁ, আহি লওঁক লৰাজন পিছত গম পামেই কথাবোৰ….
(হঠাৎ)
ঐ ৰাকেশ কত আছ’ ?
অঃ দাদা আপুনি আহক আহক।
অঃহ ময়েই তোক ঘৰত যাব কৈছিলোঁ নহয়, এতিয়ালৈ নাই যোৱা যে?
দাদা মানে ঘৰতে দুটামান কাম ওলাই পৰিল সেয়ে ভাবিলোঁ কৰি উঠি সময় হলে আবেলিলৈ খবৰ লৈ আহিম। ‘ পিছে আপুনি আহিল যে মোক মাতিবলৈ ঘৰত কামবোৰ কোনে কৰিব?’
তোক দেখা নাপাই হে আহিলোঁ সোনকালে বোল এতিয়া কামবোৰ কৰিব আছে, ধনী ঘৰৰ মানুহ আহিব আমিও আমাৰ ফালৰ পৰা তেওঁলোকক সন্তুষ্ট কৰিব পাৰিব লাগিব, ব’ল ব’ল।
অ দাদা আপুনি গৈ থাকিব মই আহিছোঁ এইখিনি কৰি
অ দে আহি থাকিবি…

‘কেনেকৈ যাওঁ? তাইক দেখিলে মই নিজকে কেনেকৈ ধৰি ৰাখিম? কিন্তু তেওঁলোকে বেয়া পাব! যাবই লাগিব।’

মই গৈ পোৱা মানে ডাঙৰ ডাঙৰ গাড়ী দুখন আহি পালেহি, গৌৰৱ দা আৰু মই তেওঁলোকক আগবঢ়াই বহিব দিলো, অলপ পিছত চাহ লৈ গায়ত্ৰী ওলাই আহিল, মই যে পাগলৰ দৰে ৰ লাগি চাই থাকিলোঁ, সেই গুলপীয়া মেখেলা চাদৰ পিন্ধিছে যিটো মই তাইক যোৱা বিহুত উপহাৰ দিছিলোঁ।

তাইক আৰু ল’ৰাজনক অকলে কথা পাতিবলৈ যাবলৈ কলে, তাই মোৰ কথা নকয় বুলি কৈছিল তথাপিও ভয় হৈছে যদি তাই কৈ দিয়ে তাইৰ পৰিয়ালৰ ওচৰত মোৰ সন্মান নাইকিয়া হব লগতে বিয়াৰ কথাও আগ নাবাঢ়ে।

নাই তাই চাগে একো নকলে, দুয়োটাই ভালে ভালে হাঁহি হাঁহি ওলাই আহিল। তেওঁলোকে কথাবোৰ আগবঢ়াই গল আৰু মোৰ হৃদয় ঠাণ্ডা পৰি আহিল।
তাই সঁচাকৈয়ে মোক এৰি থাকিব পাৰিব জানোঁ মই সেয়াই ভাবি থাকিলোঁ, আৰু কিছুদিনৰ পিছত তাইৰ বিয়াৰ চিঠি ছপাবলৈ দিলে….।

………….. সমাপ্ত।